Jump to content

User:Navoneeta Devi

From Wikipedia, the free encyclopedia

বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ইতিবৃত্ত


ধৰ্মপ্ৰাণ সকলো লোকৰ অন্তৰত অতিশয় মধুৰ আৰু আদৰৰ স্থান পোৱা ধৰ্মীয় অনুষ্ঠান বিলাকৰ ভিতৰত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ অন্যতম। আঠখেলীয়া শব্দটি কিমান যে স্মৃতিৰে ভৰপূৰ, কিমান যে গৌৰৱ, কিমান যে শ্ৰদ্ধা-ভত্তিৰ ভাৱ, কিমান যে বিশ্বাস আৰু যশ - কীৰ্তিৰে মহিমামণ্ডিত হৈ আছে, সেই সকলোবিলাক কথা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। 
                 বুৰঞ্জীয়ে গৰকা এই আঠখেলীয়া নামঘৰৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ হৈছিল সেই কথা নিশ্চিত ভাৱে  ঠাৱৰ কৰা সম্ভৱ নহয়। পূর্ব পুৰুষৰ মৌখিক কথাৰ পৰা জানিবলৈ পোৱাৰ মতে সম্প্রতি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ তথা পবিত্র ভূমিখণ্ডত এজন সিদ্ধ পুৰুষৰ আশ্ৰম আছিল। আহোমৰ তুংখুঙীয়া ফৈদৰ মহাসতী জয়মতীৰ স্বামী গদাপাণি কোঁৱৰ এই আশ্ৰমতে কিছুদিন আশ্ৰয় লৈছিল। 
                   ১৬৭০ খ্ৰঃ ৰ পৰা ১৬৮১ খ্ৰীঃলৈকে আহোম ৰাজশত্তিৰ মহাসংকটে দেখা দিলে। সেই সময়ত চামগুৰীয়া ফৈদৰ ১৪ বছৰীয়া কোঁৱৰ ল'ৰা ৰজাৰ শাসন চলিল। শহুৰেক লালুকসোলা বৰফুকনৰ প্ৰৰোচনাত ল'ৰা ৰজাৰ সিংহাসন নিষ্কণ্টক কৰিবৰ কাৰণে আহোমৰ ৰাজকোঁৱৰ সকলক অঙ্গক্ষত

কৰোৱা হৈছিল। কাৰণ সেই সময়ত আহোম প্ৰথামতে অঙ্গক্ষত কোঁৱৰ ৰজা হ'ব নোৱৰাৰ নিয়ম আছিল। সম্ভেদ পাই জয়মতী কুঁৱৰীয়ে তেঁওৰ স্বামী গদাপাণি কোঁৱৰক পলুৱাই পঠিয়ালে। আৰম্ভ হয় গদাপাণিৰ অজ্ঞাত বাস। তেতিয়া ছদ্মবেশ ধৰি গদাপাণি কোঁৱৰে পৰ্বত-পাহাৰে ঘূৰি ফুৰোতে হঠাৎ এদিন আহি সেই সিদ্ধ পুৰুষৰ আশ্ৰম পায়হি আৰু এই আশ্ৰমতে থাকিবলৈ লয়।

                 প্ৰবাদ আছে যে গদাপাণি কোঁৱৰক বিচাৰি বিচাৰি ল'ৰা ৰজাৰ চাউদাংহঁত এই ঠাই পাইছিলহি। কিন্তু আশ্ৰমৰ চাৰিওফালে বাঁহ, ইকৰাকে আদি কৰি গছ-গছনি আৰু মকৰাজাল আদিৰে আবৃত হোৱাত মানুহ থকাৰ কোনো উমান নাপাই চাউদাংহঁত তাৰ অন্য দিশে গতি কৰিলে। সন্তলোকৰ আশ্ৰয়ী গদাপাণি কোঁৱৰ আশ্ৰমৰ পৰা ওলাই যাওঁতে আশ্ৰমৰ পথত আবৃত হৈ থকা ডাঠ মকৰাজাল আঁতৰাই বাহিৰত মানুহৰ অসংখ্য খোজৰ চিন আৰু দুই এপদ ৰজাঘৰীয়া মানুহৰ সৰঞ্জাম পাই তেওঁক বিচাৰি ফুৰা চাউদাংবিলাক বুলি নিঃসন্দেহে জানিব পাৰিলে। পাছত তেওঁ সন্তৰ সান্নিধ্যে লাভৰ কাৰণেই ৰক্ষা পৰিল বুলি সন্তলোকৰ মাহাত্ম্য প্ৰকাশ কৰি নিজৰ সংকল্প সিদ্ধিৰ উদ্দেশ্যেৰে অন্য স্থানলৈ গতি কৰিলে। 
                    ১৬৬১খ্ৰীঃত গদাপাণি কোঁৱৰে ৰাজসিংহাসন লাভ কৰাৰ পাছতো এই পুণ্য স্থানৰ মহিমা পাহৰা নাছিল। সেই কাৰণে তেওঁ সেই সন্তলোকৰ সন্ধান নাপাই বিশেষ আঠটা পৰিয়ালৰ ওপৰতেই আশ্ৰম ভাগিৰ ৰক্ষণাবেক্ষণ আৰু প্ৰতিপালনৰ দায়িত্ব অৰ্পণ কৰাৰ কথা পূর্বপুৰুষসকলৰ পৰা জানিব পৰা গৈছে। সেই আঠটা পৰিয়াল সমাজবদ্ধ হৈ ক্ৰমে বংশবৃদ্ধি হোৱাৰ পাছত একো একোটা কুৰিত (চুবুৰীত) পৰিণত হয়গৈ। কালক্ৰমত এই আঠটা কুৰি বা খেলেই শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ পৰিবৰ্তিত হয়। 
                      শ্রী শ্রী আঠখেলীয়া নামঘৰটোৰ একাদিক্ৰমে ভাগ কৰা আঠটা খেল বা কুৰি হ'ল - বচাকুৰি, বৈৰাগী কুৰি, ব্ৰাহ্মণ কুৰি, নাঙ্গল কুৰি, শলাল কুৰি, কছাৰী কুৰি, বৰাহী কুৰি আৰু কাকতি কুৰি। 
                    প্ৰথম অৱস্থাত নামঘৰটো এটি সৰু মন্দিৰহে আছিল। মূলতঃ ১৯ শতিকাৰ পৰাহে নামঘৰৰ উন্নয়নমূলক আঁচনিৰ কাম আৰম্ভ হয় আৰু বহুতো লোকৰ একনিষ্ঠ সহায়-সহযোগতাত নৱনির্মিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰটো জাকত জিলিকা ৰূপত সজাই তুলা হৈছে। 
                  বুৰঞ্জী প্ৰসিদ্ধ এই ধৰ্মীয় অনুষ্ঠানভাগি বৰ্তমানৰ গোলাঘাট জিলাৰ অন্তৰ্গত ঘিলাধাৰী মৌজাত ঘিলাধাৰী, মত্ৰুং আৰু কাকডোঙা নদীৰ সংগম স্থলত অৱস্থিত। বৰ্তমান ৰাইজৰ দান বৰঙণি আৰু চৰকাৰী অনুদানেৰে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পূৰ্ণাংগ ৰূপ পাই অসমৰ এটি জাকত জিলিকা ধৰ্মীয় অনুষ্ঠান তথা পৰ্যটনথলী হিচাপে পৰিগণিত হৈছে।